জোনাইত সংগঠিত হৈছে ভয়ংকৰ ঘটনা। জোনাই বৈকুণ্ঠ পুৰৰ ৰাকুত ককেত সংগঠিত হল ডকবকা কাণ্ডৰ পুনৰাবৃত্তি l সোপাধৰাৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা l
ৰাকোত ককে গাওঁৰ এগৰাকী মহিলাৰ কুলাৰ কেচুৱা কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ অভিযোগত খেদি খেদি মৰিয়াই মৰিয়াই হত্যা l মহিলা গৰাকীৰ চিঞৰ বাখৰত ওলাই আহিছিল অঞ্চলটোৰ শ শ লোক l উত্তেজিত জনতাৰ গণ প্ৰহাৰত নিহত হয় লোকজন l
লগে লগে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত লোকজনক উদ্ধাৰ কৰি জোনাই অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে l