ভাৰতক এক নম্বৰ ধনী দেশ হিচাপে গঢ়িব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে! Make India No-1 অভিযান আৰম্ভ…

Arvind Kejriwal

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰম্ভ কৰিলে ভাৰতক এক নম্বৰ ধনী দেশ হিচাপে গঢ়ি তোলাৰ অভিযান, ১৩০ কোটি লোক যোগদান কৰিলে ভাৰতক এক নম্বৰ হোৱাত কোনেও বাধা দিব নোৱাৰে বুলি বুধবাৰে দিল্লীৰ টলকটোৰা ষ্টেডিয়ামত মন্তব্য মুখ্যমন্ত্ৰী কেজৰিৱালৰ৷

আজি দিনৰ ১ বজাৰ পৰা ভাৰতক এক নম্বৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে এক ডাঙৰ আৰম্ভণি কৰা কথা ঘোষণা কৰে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালে নিজৰ টুইটাৰ একাউণ্টত এই কথা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে মঙলবাৰে অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল যে দিল্লী চৰকাৰৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰি সমগ্ৰ ভাৰততে স্কুল শিক্ষা আৰু স্বাস্থ্য সুবিধাসমূহ উন্নত কৰি ভাৰতক বিশ্বৰ এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিব লাগে। তেওঁ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য সেৱাক বিনামূলীয়া উপহাৰ বুলি নকবলৈ আহ্বান জনায়।

বিজেপিয়ে কেজৰিৱালে ৰাইজক শাসনলৈ অহাৰ বাবে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত উত্তৰ প্ৰদেশত বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে’ উদ্বোধন কৰাৰ পিছত ‘ৰেৱডী সংস্কৃতি’ক লৈ সজাগ হ’বলৈ নিৰ্দেশ দিছিল। তেওঁ কৈছিল যে দেশৰ উন্নয়নৰ বাবে ই অতি বিপদজনক।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম কৰিবলৈ সাজু অৰবিন্দ কেজৰিৱাল৷ কেজৰিৱালে অনলাইন সংবাদমেলত কয় যে আমি কেন্দ্ৰৰ সৈতে স্বাস্থ্যসেৱা আৰু শিক্ষাৰ উন্নতি সাধনৰ বাবে কাম কৰিবলৈ সাজু হৈছো। কেন্দ্ৰক অনুৰোধ কৰিছো যে ইয়াক ফ্ৰীবিজ বুলি কোৱাটো বন্ধ কৰক। তেওঁ কৈছিল যে শিশুৰ উন্নত ভৱিষ্যতৰ বাবে বৃহৎ সংখ্যক চৰকাৰী বিদ্যালয় খোলা, উন্নতি, অতিথি শিক্ষক নিয়মীয়াকৰণ, শিক্ষক প্ৰশিক্ষণ আৰু তেতিয়া ভাৰত এখন সমৃদ্ধিশালী দেশ হ’ব পাৰিব। তেওঁ কয় যে এই কাম পাঁচ বছৰতে কৰিব পৰা যাব।

Category