চলমান খানে ভাঙিলে চেহনাজৰ হৃদয়! চেহনাজ গিলেও বিচ্ছেদ কৰিলে চলমানৰ সৈতে সম্পৰ্ক

Salman Khan

চলমান খানে ভাঙিলে চেহনাজৰ হৃদয়! চেহনাজ গিলেও বিচ্ছেদ কৰিলে চলমানৰ সৈতে সম্পৰ্ক

দুয়োৰে মাজত আচলতে হ’ল কি? ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বচৰ চিজন-১৩ত অংশগ্ৰহণ কৰিছিল গায়িকা চেহনাজ গিলে ! চলমান খানে হষ্ট কৰা বিগ বচৰ চিজন-১৩ত বিশেষভাৱে দৰ্শৰ প্ৰিয় হৈ পৰিছিল ছেহনাজ ৷ দৰ্শকৰ মন জয় কৰাৰ লগতে বলীউড চুপাৰষ্টাৰ চলমান খানৰো হৃদয় জিনিবলৈ সক্ষম হৈছিল চেহনাজে ৷

চিজন-১৩ত চেহনাজৰ জীৱনলৈ আহিল সিদ্ধাৰ্থ শুক্লা যাৰ ফলত চলমানৰ চেহনাজৰ প্ৰতি থকা দুৰ্বলতা প্ৰকাশ নকৰিলে চলমানে কিন্তু দুৰ্ভাগ্যবশত সিদ্ধাৰ্থক হেৰুৱালে চেহনাজে৷ তাৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰা চেহনাজক সকলো দিশৰ পৰা সমৰ্থন, সহায় কৰাৰ লগতে চেহনাজৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল অভিনেতা চলমান খানে।

কিছুদিন পূৰ্বে চলমান খানৰ নতুন ছবি ‘ভাইজান’ত এক চৰিত্ৰত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিছিল চলমানে ৷ সেই প্ৰস্তাৱৰ পিছত সামাজিক মাধ্যমত সৰ্বত্তে তেঁওলোকৰ সম্পৰ্কক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ চলমান, চেহনাজৰ মধুৰ সময়ৰ ভিডিঅ’ও ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷

কিন্তু শেহতীয়াকৈ চলমান-চেহনাজৰ সম্পৰ্কৰ মাজত লাগিছে আউল৷ কিয়নো চলমানৰ আহিব লগীয়া ছবি ‘ভাইজান’ৰ চৰিত্ৰৰ পৰা আঁতৰাই দিয়া হ’ল চেহনাজক৷ কিহৰ ভিত্তিত এই সিদ্ধান্ত ল’লে চলমান খানে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই৷ ইষ্ট্ৰাগ্ৰামতো চেহনাজে আনফ’ল’ কৰিলে চলমান খানক৷

Category
Profile picture for user UB Photos