Chess Board বুলি ভুল নকৰিব, দেখাত সাইলাখ Chess Boardৰ দৰে এয়া আচলতে এখন দলংহে। পিছে কিহৰ বাবে এইদৰে সজোৱা হৈছে দলংখন?

chennais-napier-bridge-painted-to-look-like-a-chess-board-ahead-of-the-upcoming-44th-chess-olympiad

২৮ জুলাইৰ পৰা ১০ আগষ্টলৈকে চেন্নাইৰ মহাবালিপুৰমত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক ফিডে(FIDE) চেছ অলিম্পিয়াড। চেছ অলিম্পিয়াডৰ পূৰ্বে সজাই তোলা হৈছে চেন্নাই চহৰ। অলিম্পিয়াডক লৈ তুংগত আছে প্ৰস্তুতি। ৰঙেৰে সজাই তোলা হৈছে বিভিন্ন দেৱাল, দলং সকলো।

 

খেলৰ পূৰ্বে সৰ্বত্ৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। তামিলনাডুৰ ACS, সুপ্ৰিয়া চাহুৱে টুইটাৰযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, 'Chess Olympiad 2022ৰ বাবে সাজু হৈ উঠিছে দবাৰ ৰাজধানী চহৰ চেন্নাই। Chess Boardৰ দৰেই সজাই তোলা হৈছে Iconic নেপিয়াৰ দলং'।

 

https://twitter.com/supriyasahuias/status/1548236845263097856

 

দবা খেলৰ ব'ৰ্ডৰ দৰে সজাই-পৰাই তোলা হৈছে তামিলনাডুৰ নেপিয়াৰ দলং। হুবহু চেছ ব'ৰ্ডৰ দৰেই বগা, ক'লা ৰং বুলাই সজোৱা দলংখনে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

Category
Profile picture for user UB Photos