ধাকড়ৰ দৰে Flopয়ে হ’ব নেকি কংগণাৰ নতুন ছবি Emergency ?

Kangana Ranaut

ধাকড়ৰ পিছত এইবাৰ অভিনেত্ৰী কংগণা ইন্দিৰা গান্ধী ৰূপত৷ কংগণাৰ নতুন ছবি Emergencyৰ ট্ৰেইলাৰ মুকলি৷ Emergency ছবিখনত কংগণাই ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰ কৰিব৷ যাৰ বাবে কংগণাই নিজকে সম্পূৰ্ণৰূপে হুবহু ইন্দিৰা গান্ধীৰ দৰেই নিজকে সজাইছে ৷

শেহতীয়াকৈ মুকলি হোৱা কংগণাৰ ধাকড় ছবি বক্স অফিচত ফ্লপ হ’ল৷ দৰ্শকে আকোৱালি নল’লে ধাকড়ক৷ কিন্তু সেই ছবিখনৰ বিফলতাৰ কেইদিনমানৰ পিছতেই তেওঁৰ আন এখন নতুন ছবি ইমাৰজেঞ্চি ট্ৰেইলাৰ মুকলি ৷

কংগণাৰ এই ছবিখন কিছু দিনৰ পৰা চৰ্চাত থকা পৰিলক্ষিত হৈছে৷ ১৯৭৫ চনত ভাৰতত সংঘটিত হোৱা Emergency কাণ্ডৰ আধাৰত নিৰ্মিত ছবিখন। Emergency ছবিখনৰ ট্ৰেইলৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কংগণাই ৷

ধাকড়ৰ বিফলতাৰ বাবে চিন্তিত হৈছিল যদিও Emergency ছবিখনক সফল কৰিবলৈ অথবা দৰ্শকৰ মাজত জনপ্ৰিয় কৰিবলৈ দৃঢ়তাৰে কষ্ট কৰিছে অভিনেত্ৰী কংগণাই ৷

Category
Profile picture for user UB Photos