ৰে'ল ষ্টেচনত বাৰ্থডে পাৰ্টী, অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ

Gaurav Taneja arrested for celebrating birthday party at Noida sector 51 Metro Station

ইউটিউবৰ এখন চিনাকী মুখ। বিভিন্ন ভিডিঅ', ৰিয়েলিটী শ্ব'ত প্ৰায়ে দেখা এখন মুখ-গৌৰৱ তানেজা। ৭.৫৮ মিলিয়ন ফলৱাৰ্চ থকা 'Flying Beast' ইউটিউব চেনেলৰ জৰিয়তে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা ইউটিউবাৰ গৌৰৱ তানেজাক গ্ৰেপ্তাৰ কৰা হ'ল। হাঁহি সুলভ গৌৰৱ তানেজাৰ গ্ৰেপ্তাৰৰ খবৰটোৱে স্বাভাৱিকতে তোলপাৰ লগাইছে সামাজিক মাধ্যমত। পিছে ইউটিউবাৰ গৌৰৱ তানেজাক গ্ৰেপ্তাৰ কৰাৰ কাৰণ শুনিলে আচৰিত হ'ব আপুনিও।

 

শনিবাৰে, উত্তৰপ্ৰদেশৰ নয়দাত গৌৰৱ তানেজাৰ অনুৰাগীসকলে ইউটিউবাৰগৰাকীৰ বাৰ্থডে উদযাপনৰ বাবে একলগ হৈছিল। নয়দাৰ Sector 51 মেট্ৰ' ষ্টেচনত বাৰ্থডে উদযাপনৰ বাবে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছিল গৌৰৱ তানেজাই। ইনষ্টাগ্ৰামৰ নিমন্ত্ৰণৰ পাছতেই তানেজাৰ হাজাৰ-হাজাৰ অনুৰাগীয়ে বাৰ্থডে উদযাপনৰ বাবে আহে নয়দাৰ Sector 51 মেট্ৰ' ষ্টেচনলৈ। হাজাৰ-হাজাৰ অনুৰাগীয়ে ভিৰ কৰে ষ্টেচনত।

 

ষ্টেচনত অনুৰাগীৰ যথেষ্ট ভিৰ হোৱাৰ উপৰিও ৰাজপথত বহু লোকৰ সমাগম হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আনকি ৰাজপথত যানজঁটৰো সন্মুখীন হয় পথচাৰী। নয়দাত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত ইউটিউবাৰগৰাকীক ১৮৮ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। বৰ্ধিত ক'ভিড ১৯ পৰিস্থিতিৰ সময়ত নয়দা ষ্টেচনত অধিকাংশ লোকৰ সমাগম হোৱাত প্ৰথমতে যদিও গৌৰৱ তানেজাক আটক কৰা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত নয়ডা আৰক্ষীয়ে ৰাজহুৱা সেৱকে যথাযথভাৱে জনোৱা আদেশৰ অমান্য কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰে।

 

উল্লেখ্য যে, গৌৰৱ তানেজা হৈছে ভাৰতৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰসকলৰ ভিতৰত এজন, যাৰ তিনিটা ইউটিউব চেনেল ক্ৰমে 'Flying Beast', 'Fit Muscle TV', 'Rashbhari Ke Papa'ত মিলিয়ন ফলৱাৰ্ছ আছে। IIT, খড়গপুৰৰ পৰা ইঞ্জিনীয়াৰিং পঢ়ি উত্তীৰ্ণ হোৱা তানেজাই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ত আইন বিষয়ত অধ্যয়ন কৰি আছে।

Category
Profile picture for user UB Photos