আজি ত্যাগৰ দিন, ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে পালন কৰিছে ত্যাগ, ভাতৃত্ববোধৰ দিন-‘ঈদ-উল-আজাহা’

eid al adha 2022

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজাহা৷ মানৱ প্ৰেম, ত্যাগ আৰু ভাতৃত্ববোধৰ প্ৰতীক এই ঈদ-উল-আজাহা অথবা ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে এই পবিত্ৰ উৎসৱ।

 

এই পবিত্ৰ দিনটোতে নবী ইব্ৰাহীমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাৰ প্ৰতি উৎসৰ্গা কৰিছিল। কুৰাণত উল্লেখিত অনুসৰি হজৰত ইব্ৰাহীমে এটা সপোন দেখিছিল, য’ত আল্লাই তেওঁৰ প্ৰভুৰ প্ৰতি থকা ভক্তি, আনুগত্য, বিশ্বস্ততা আৰু প্ৰেম প্ৰদৰ্শন কৰিবলৈ তেওঁৰ পুত্ৰক বলিদান দিবলৈ কৈছিল। সেইবাবেই নবী ইব্ৰাহিমে মৰম-ভালপোৱা সকলো ত্যাগ কৰি  উৎসৰ্গা কৰিছিল নিজৰ সন্তানক আৰু সেই দিনটোৰে স্মৰণ কৰি আজিৰ পবিত্ৰ দিনটোত সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মীয় লোকসকলে উৎসাহ-উদ্দীপনাৰে পালন কৰে পৰম্পৰাগত ঈদ-উল-আজাহা।

 

ক’ভিড পৰিস্থিতি কিছু শাম কটাৰ বাবে এইবাৰ সমগ্ৰ দেশবাসীৰ লগতে অসমতো পালন কৰা হৈছে ঈদ-উল-আজাহা৷ মছজিদে মছজিদে ঈদৰ নামাজ পঢ়াৰ বাবে পুৱাই ভিৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ।

Category
Profile picture for user UB Photos