এফালে বানৰ সংহাৰ, আনফালে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ, ক’ভিডত আক্ৰান্ত ৯৫৬ জন লোক

Corona Virus

ৰাজ্যত হঠাৎ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ। বান পৰিস্থিতিৰ সমান্তৰালকৈ ক’ভিডে জুৰুলা কৰিছে ৰাজ্যবাসীক। বুধবাৰে ক’ভিডত আক্ৰান্ত হৈছে ১৯৬জন লোক।

ৰাজ্যত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈছে ৯৫৬ জন লোক। কামৰূপ মহানগৰত আক্ৰান্ত ৭৪জন লোক। কামৰূপ গ্ৰাম্যত আক্ৰান্ত হৈছে ৩০জন। আনহাতে, ডিব্ৰুগড়ত ২০জন লোকৰ দেহত পোৱা গৈছে ক’ভিডৰ ভাইৰাছ। দৰঙতো ক’ভিডত আক্ৰান্ত হৈছে ১৫জন লোক। বুধবাৰৰ দিনটোক পজিটিভিটী হাৰ হৈছে ১১.১৫%। আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৭%। বুধবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ হৈছে 0%।

Category