শৌচাগাৰৰ টেংকীত সোমাই দুই শ্ৰমিকৰ মৃত্যু

Toilet

কলিয়াবৰৰ বেঙেনাআটিত নিৰ্মীয়মান শৌচাগাৰৰ টেংকীত মৃত্যু দুই শ্ৰমিকৰ। নিহত দুই শ্ৰমিক বৰুৱাআটিৰ বুুবুল বিশ্বাস আৰু কাৱৈমাৰীৰ দিলীপ মণ্ডল বুলি জানিব পৰা গৈছে। 

কিছুদিন ধৰি বন্ধ হৈ থকা টেংকীত প্ৰৱেশ কৰোতেই উশাহ নিশাহ লোৱাত কষ্ট পাই দুই শ্ৰমিকৰ মৃত্যু হয়। দুই শ্ৰমিকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকৎসকে মৃত ঘোষণা কৰে।  

বেঙেনাআটিৰ মহেশ্বৰ বসুমতাৰীৰ ঘৰত শৌচাগাৰৰ টেংকী নিৰ্মাণৰ কাম কৰি আছিল তিনি শ্ৰমিকে। ইয়াৰে দুজনৰ মৃত্যু হয়, সৌভাগ্ৰক্ৰমে প্ৰাণ ৰক্ষা পৰে আন এজনৰ।

উল্লেখ্য় যে অক্সিজেনৰ অভাৱত লোক দুজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ৷ 

Category
Profile picture for user UB Photos