এটা সপোনৰ সমাধি, অভিনেতা কিশোৰ দাস আৰু নাই!

Kishore Das

কৰ্কট ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰে যুঁজি থকাৰ পিছতো কোনো দিনে মুখৰ পৰা হাঁহি নুগুচা অভিনেতা কিশোৰ দাস আৰ নাই। গুণমুগ্ধৰ শুভেচ্ছা-প্ৰাৰ্থনায়ো যেন  ধৰি ৰাখিব নোৱাৰিলে অভিনেতা কিশোৰ দাসক। 

আজি চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে তৰুণ অভিনেতাজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ ২৮ বছৰ।

১৯৯৪ চনত কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ বজৰাপাৰা গাঁৱত জন্মগ্ৰহণ কৰা কিশোৰ দাস সৰুৰে পৰাই অভিনয়ৰ প্ৰতি অনুৰাগী আছিল। সেইবাবেই অভিনয়কে তেওঁৰ জীৱনৰ লক্ষ্য হিচাবে বাছি লৈছিল। 

দীৰ্ঘদিন ধৰি অভিনেতাগৰাকী আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত। কিছু দিন পূৰ্বে কিশোৰক উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল চেন্নাইলৈ। কিশোৰ আশো আৰোগ্য কামনাৰে তেওঁৰ সতীৰ্থ তথা অনুৰাগীসকলে জনাই আহিছিল প্ৰাৰ্থনা।

চিকিৎসাৰ বাবে ধনৰ অভাৱ হোৱাত ৰাজ্যৰ শিল্পীসমাজে অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি ৰাজ্যবাসীক আহ্বান জনাইছিল। কিশোৰৰ উন্নত চিকিৎসাৰ বাবে অনুৰাগী আৰু শিল্পীসকলে পাৰ্যমানে চেষ্টা কৰিছিল। অনুৰাগী আৰু একাংশ শিল্পীৰ আৰ্থিক সাহায্যৰে কিশোৰ গৈছিল চেন্নাইলে। কিশোৰৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত। ‘দাদা তুমি দুষ্ট বৰ’ ছবিত আভিনয় কৰিছিল কিশোৰে। 

জানিব পৰা মতে তেওঁ কোভিড১৯তো আক্ৰান্ত হৈছিল আৰু পোষ্ট কোভিডৰ  জটিলতাৰ বাবেই মৃত্যু হয় বুলি ধাৰণা কৰা হৈছে ৷ কিশোৰ দাসে ৩০০তকৈও অধিক সংগীত ভিডিঅ'ত অভিনয় কৰিছে ৷ 

তেওঁ ২০১৯ চনত "কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড" আৰু এছিয়ানেট আইকন বঁটাত "আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১" বঁটাও লাভ কৰিছিল। 

কালে অকালতে আমাৰ মাজৰ পৰা আঁতৰাই নিয়া অভিনেতা কিশোৰ দাসৰ মৃত্যুত UBৰ পৰিয়ালৰ তৰফৰ পৰাও যাঁচিছো শ্রদ্ধাঞ্জলি ৷

Category
Profile picture for user UB Photos