মণিপুৰত প্ৰাণ হেৰুৱালে অসমৰ দুজন লোকে, এতিয়াও সন্ধানহীন অসমৰ ১৭ শ্ৰমিক আৰু এজন অভিযন্তা…

Manipur

বুধবাৰে নিশা ভয়ংকৰ ভূমিস্খলনে কঁপালে মণিপুৰ। মণিপুৰৰ ননেত হোৱা ভূমিস্খলনত এতিয়া পৰ্যন্ত প্ৰাণ হেৰুৱালে ১৪জন লোকে।

মণিপুৰৰ ননে জিলাত ৰে’লপথ নিৰ্মাণৰ কাম চলি থাকোতেই হঠাৎ খহি আহে পাহাৰৰ মাটি। মাটিয়ে পুতি পেলায় বৃহত্তৰ অঞ্চল। যাৰফলত মাটিৰ তলত আৱদ্ধ হৈ পৰে এলেকাটোত থকা সেনা জোৱানৰ লগতে শ্ৰমিক।

বৰ্তমানেও মাটিৰ তলত আৱদ্ধ হৈ আছে ৬০জনৰো অধিক লোক। সন্ধান নাই টেৰিটৰিয়েল আৰ্মীৰ ২৩জন জোৱানৰ। আনহাতে, সন্ধানহীন হৈ আছে NF ৰে’লৱেৰ ৩ গৰাকী অভিযন্তা। কাম কৰিবলৈ গৈ মণিপুৰত হেৰাল অসমৰ লাহৰিঘাটৰ ১৭ শ্ৰমিক। ভূমিস্খলনে প্ৰাণ কাঢ়িলে অসমৰ এগৰাকী শ্ৰমিকৰ লগতে এজন সেনা জোৱানৰ। আনহাতে, চিকিৎসাধীন অৱস্থাত অসমৰ ৫গৰাকী শ্ৰমিক।

মণিপুৰত প্ৰাণ হেৰুওৱা লাহৰিঘাটৰ শ্ৰমিক গোপাল ফুকনৰ ঘৰত এতিয়া শোকাকূল পৰিৱেশ। আনহাতে, বজালীৰ নিবাসী, সেনা জোৱান জিয়াৰুল হকেও প্ৰাণ হেৰুৱালে এই ভয়াবহ ভূমিস্খলনত।

Category
Profile picture for user UB Photos