Say No to Drugs: আহক ড্ৰাগছমুক্ত কৰো আমাৰ সমাজ…

drugs

বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই আমাৰ সমাজখনত এনেদৰে শিপাই গৈছে যে যাৰবাবে ধ্বংসৰ গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম। ভৱিষ্যত ধূসৰ কৰি অন্ধকাৰ পৃথিৱীলৈ আগবাঢ়িছে সমাজৰ একাংশ।

সমাজৰ একাংশই ড্ৰাগছ সেৱন কৰি ধ্বংসৰ পথলৈ গতি কৰাৰ সময়তে ড্ৰাগছৰ কৱলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে সমাজৰ সচেতন মহলে হাতত লয় বিভিন্ন ড্ৰাগছ বিৰোধী অভিযান। আজি বিশ্ব ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰোধী দিৱস। প্ৰত্যেক বছৰে ২৬ জুন অৰ্থাৎ আজিৰ দিনটোতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস। ১৯৮৭ চনৰ ৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবৰ বাবে ঘোষণা কৰিছিল এই বিশেষ দিনটো পালনৰ কথা। ১৯৮৯ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই দিৱস।

এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ বিষয়বস্তু হৈছে, ‘স্বাস্থ্য আৰু মানৱীয় সংকটত ড্ৰাগছৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা’।

এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে পালন কৰা ড্ৰাগছ দিৱসে সজাগ কৰি তোলক যুৱ প্ৰজন্মক। এখন সুস্থ, সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’বলৈ আগবাঢ়ি আহক সমাজৰ প্ৰত্যেকজন সচেতন লোক।

Category
Profile picture for user UB Photos