আফগানিস্তানত মৃত্যুৰ কিৰিলি, প্ৰবল ভূমিকম্পত মৃত্যু ৯ শতাধিক লোকৰ…

Afghanistan

আফগানিস্তানত মৃত্যুৰ কিৰিলি। প্ৰবল ভূমিকম্পই জোকাৰিলে আফগানিস্তান। বুধবাৰে পুৱাই অহা ৬.১ প্ৰাবল্যৰ ভূমিকম্পত তচনচ হ’ল আফগানিস্তান।

আফগানিস্তানৰ বহুকেইটা অঞ্চলত ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন। পলকতে ভাগি চুৰমাৰ হ’ল ঘৰ-দুৱাৰ। ঘৰত সোমাই থকা অৱস্থাতেই মৃত্যুক সাবটিলে ৯ শতাধিক লোকে।

উল্লেখ্য যে, ২০০২ চনৰ পৰা এতিয়ালৈকে আফগানিস্তানত হোৱা এই ভূমিকম্প হৈছে আটাইতকৈ প্ৰাণনাশক। বুধবাৰে অহা ভূমিকম্পই পাকিস্তান সীমান্তৰ ওচৰত দক্ষিণ-পূবৰ খোষ্ট চহৰৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ দূৰত্বলৈকে বিয়পি পৰে। ৬.১ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যুমুখত পৰে ৯৫০জন লোক। লগতে আহত ৬ শতাধিক লোক। অৱশ্যে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। পৰৱৰ্তী সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে।

Category
Profile picture for user UB Photos