আনক জীয়াই থকাৰ প্ৰেৰণা দি নিজেই ক’ভিডৰ ওচৰত হাৰ মানি জীৱনৰ পৰা মেলানি মাগিলে ডা০ সুকৃতি চৌধুৰীয়ে…

dr sukriti choudhury dies of covid 19

কলমৰ শক্তিশালী ভাষাৰে পাঠকৰ মন মুহি ৰখা ডা০ সুকৃতি চৌধুৰী আৰু নাই। নিজৰ লেখনিৰ জৰিয়তে আনৰ জীৱনত শক্তিশালী প্ৰভাৱ পেলোৱা সু-লেখিকা তথা চিকিৎসক, সৰবৰহী মহিলা সুকৃতি চৌধুৰীয়ে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

ক'ভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক সুকৃতি চৌধুৰীয়ে। দীৰ্ঘদিন ধৰি হাস্পতালৰ ICUত জীৱন-মৃত্যুৰে যুঁজি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে চৌধুৰীয়ে। কিছুদিন পূৰ্বে সামাজিক মাধ্যমত নিজৰ স্বাস্থ্যৰ বিষয়ে লিখি লেখিকাগৰাকীয়ে সকলোৰে বাবে লিখিছিল কেইশাৰীমান মন চুই যোৱা বাক্য, 'অসুস্থতা বাঢ়ি গৈছে। উশাহ ল'বলৈকো কষ্ট। কেতিয়াবা যদি নোহোৱা হৈ যাওঁ মোক যেন পাহৰি যায়। এয়াই হাতযোৰ কৰি অনুৰোধ। ভাবি ল'ব যে এই নামৰ কাকো লগ পোৱাই নাছিল'। জাপানত চিকিৎসক হিচাপে কৰ্মৰত ডা০ সুকৃতি চৌধুৰী এগৰাকী সমাজ হিতৈশী আৰু সকলোৰে ভাল চিন্তা কৰা মহিলা আছিল।

আজি সুকৃতি চৌধুৰীৰ দেহাৱসানৰ খবৰে স্বাভাৱিকতে তেখেতৰ অনুৰাগীৰ মাজত পেলাইছে শোকৰ ছাঁ। কিয়নো তেখেতৰ লেখনি বহুতৰে বাবে আছিল প্ৰেৰণাৰ উৎস।

কিন্তু আপোনালোকক জনাওঁ যে, ডা: সুকৃতি চৌধুৰী আচলতে এটা কাল্পনিক চৰিত্ৰহে। চৰিত্ৰৰ অৱসান ঘটিল, কিন্তু ছদ্মনামেৰে জীয়া কাহিনী লিখা প্ৰকৃত ব্যক্তিগৰাকী এতিয়াও জীয়াই আছে। সুকৃতি চৌধুৰী বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰহে এক অপৰূপ সৃষ্টি বুলি সন্দেহ কৰিছে। কিয়নো ছ'চিয়েল মিডিয়াত ডা: সুকৃতিৰ বাতৰিয়ে খলকনি তোলাৰ সময়তে সাংবাদিকগৰাকী নিজৰ ফেচবুক পেজত এটা পোষ্ট দিয়ে - 'লিখি লিখি আমনি লগাত the final problem গল্পত ছাৰ্লক হোমছক হত্যা কৰিছিল স্বয়ং স্ৰষ্টা আৰ্থাৰ কনান দয়েলে। Three Masketeers ক্ৰমাগত সফলতাত ভাগৰ লগাত এজন এজনকৈ তিনিওজন মস্কেটিয়াৰ্ছক নিজ হাতেৰে মাৰি পেলাইছিল আলেকজেণ্ডাৰ দুমাই। সাহিত্যত killing off বুলি এটা বস্তু আছে।'

অৱশ্যে, ইয়‍াত যে কেৱল এজন ব্যক্তি জড়িত হৈ আছে, তেনে নহয়। সুকৃতিৰ সৃষ্টিৰ আঁৰত আছে বহুতৰে অৱদান। হয়তো নতুনৰ বতৰা লৈ আকৌ আহিব সুকৃতি। এইবাৰ পাগলাদিয়াৰ পাৰৰ ছোৱালীজনী হৈ হয়তো নাহে, আহিব দিচাং অথবা দিখৌ পাৰৰ বতৰা লৈ। তথাপি সুকৃতিৰ নতুন ৰূপৰ বাবে এতিয়া সকলোৱে মাথো বাট চাই ৰৈছে। আকৌ এখন নতুন পৃথিৱীৰ সৃষ্টি হোৱালৈ।

Category
Profile picture for user UB Photos