সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত শুভাৰম্ভ কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প

Solar Panels Sun

ৰাজ্যবাসীৰ বাবে সুখবৰ! সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত শুভাৰম্ভ কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰিব। বৰ্তমানলৈ প্ৰকল্পটোত ৭০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব পাৰিব৷ পৰৱৰ্তী সময়ত আৰু ৩০ মেগাৱাট শক্তি বৃদ্ধি কৰি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ’ব ১০০ মেগাৱাটলৈ ৷

১৯৯০ চনত অসম চুক্তিৰ আধাৰত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমগুৰিৰ লালিম চাপৰিত ১১০০ বিঘা ভূমি অধিগ্ৰহণ কৰি এটা তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু ৰাজনৈতিক মেৰপেচত পৰাত সেই প্ৰকল্পটো বন্ধ কৰিবলগীয়া হৈছিল। ইয়াৰ পিছতে পুনৰ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লালিম চাপৰিৰ তাপ বিদ্যুৎ প্ৰকল্পৰ স্থানতেই সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ যোৱাটো বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জাঁজীৰ এক নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই আমগুৰি সমষ্টিৰ পৰা প্ৰদীপ হাজৰিকাক জয়যুক্ত কৰিলে সমষ্টিবাসীক সৌৰশক্তি প্ৰকল্প উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কেৱল আমগুৰি সমষ্টিবাসীৰে নহয়, এই সৌৰশক্তি প্ৰকল্পটোৱে অসমৰ শক্তিখণ্ডত নতুন দিগন্তৰ সূচনা কৰিব৷ ইতিমধ্যে আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে।

উল্লেখ্য যে আজি প্ৰকল্পটোৰ উদ্বোধনী অনুষ্ঠানত শক্তি মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকিব।

Category
Profile picture for user UB Photos