কি গোচৰত চাৰি বছৰৰ বাবে কাৰাগাৰৰ আলহী হ’ল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী…

Former Haryana CM Om Prakash Chautala gets four years in jail

কাৰাগাৰলৈ হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা। শুকুৰবাৰে, দিল্লী আদালতে চাৰি বছৰৰ কাৰাদণ্ড বিহে চৌতালাক। ওম প্ৰকাশ চৌতালাৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ। ১৯৯৩ৰ পৰা ২০০৬লৈ অসমতাপূৰ্ণ সম্পত্তি অধিগ্ৰহণ কৰিছিল চৌতালাই।

 

২০০৫ চনতে চৌতালাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ২০১০ চনৰ ২৬ মাৰ্চতেই চৌতালাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে দাখিল কৰা হৈছিল চাৰ্জশ্বীট। আয়তকৈ বেছি সম্পত্তি থকাৰ অভিযোগ চৌতালাৰ বিৰুদ্ধে। ২০১০ চনৰ ২৬ মাৰ্চত দাখিল কৰা চাৰ্জশ্বীট অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বৈধ আয়তকৈ অসমতাপূৰ্ণ আয় আছিল ৬.০৯ কোটি টকা।

 

চলিত বৰ্ষত ২১ মে’ত বিশেষ ন্যায়াধীশ বিকাশ ধুলে তেওঁক দোষী সাব্যস্ত কৰে। ওম প্ৰকাশ চৌতালাক বিহা হৈছে ৫০ লাখ টকাৰ জৰিমনা।

Category
Profile picture for user UB Photos