প্ৰথমগৰাকী ভাৰতীয় লেখিকালৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা…

tomb of sand wins international booker award 2022

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় সাহিত্যৰ কীৰ্তি। প্ৰথমবাৰৰ বাবে ভাৰতীয় সাহিত্য জগতত সংযোজিত হ’ল আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটী। ‘Tomb of Sand’ গ্ৰন্থখনৰ বাবে সাহিত্যিক গীতাঞ্জলি শ্ৰীয়ে আজুৰিলে এই সন্মান। এই সন্মান লাভ কৰা শ্ৰী হৈছে ভাৰতৰ লগতে দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ প্ৰথম মহিলা সাহিত্যিক।

tomb of sand

 

হিন্দী উপন্যাস ‘ৰেত সমাধি’ৰ ইংৰাজী অনুবাদ হৈছে ‘Tomb of Sand’। ডেইজী ৰকৱেলে অনুবাদ কৰা গ্ৰন্থখনি হৈছে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা ভাৰতীয় ভাষাৰ প্ৰথম উপন্যাস।

 

tomb of sand

স্বামীৰ মৃত্যুৰ পাছত এগৰাকী ৮০ বছৰীয়া বৃদ্ধাৰ জীৱন কাহিনীক লৈ লিখা হৈছে ‘Tomb of Sand’ উপন্যাসখন। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পটভূমিত লিখা হৈছে উপন্যাসখন।

 

 

উল্লেখ্য যে, পোনপ্ৰথবাৰৰ বাবে ১৯৯৭ চনত লেখিকা অৰুন্ধতী ৰয়ে ‘The God of Small Things’ গ্ৰন্থখনিৰ বাবে লাভ কৰিছিল বুকাৰ বঁটা। চাৰিখন মহাদেশৰ ১২খন দেশৰ ১১টা ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা ১৩খন গ্ৰন্থৰ ভিতৰত ‘Tomb of Sand’ও হৈছে এখন অন্যতম গ্ৰন্থ। ‘ৰেত সমাধি’ অথবা ‘Tomb of Sand’ৰ বাবে লেখিকা গীতাঞ্জলি শ্ৰীয়ে £50 000 টকা, যাৰ ভাৰতীয় মূল্য হৈছে ৪৮,৯৪,৭৮৮.৫০(48,94,788.50) টকা। এই মূল্য লেখিকা আৰু অনুবাদকৰ মাজত বিভক্ত হ’ব।

Category
Profile picture for user UB Photos