গ্ৰেপ্তাৰ হ’ল ছিপাঝাৰ ট্ৰেজেদীৰ ঘাতক চালক ছফিকুল ইছলাম তালুকদাৰ…

sipajhar incident's truck driver arrested

কালিকা লগা মঙলবাৰে, ছিপাঝাৰত পাঁচ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া লম্পট ট্ৰাক চালকক গ্ৰেপ্তাৰ। বাইহাটাৰ পৰা গ্ৰেপ্তাৰ চালকজনক।

 

মঙলবাৰে, ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা ৮জন নিৰীহক মহটিয়াই নিছিল মঙলদৈ-গুৱাহাটী অভিমুখী এখন মালবাহী ট্ৰাকে। এই ট্ৰাকখন চলাই গৈছিল লম্পট ছফিকুল ইছলাম তালুকদাৰে। ঘটনাত মৃত্যুমুখত পৰিছিল তিনি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ লগতে দুগৰাকী মহিলা। আনহাতে, সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন তিনজন যুৱক।

 

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছপিকুল ইছলাম। কিন্তু বুধবাৰে, বাইহাটা চাৰিআলিৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলাম তালুকদাৰক।

Category
Profile picture for user UB Photos