চাকৰি কেলেংকাৰী: লালু প্ৰসাদ যাদৱ আৰু কন্যা মিছা ভাৰতীৰ সৈতে সম্পৰ্কিত ১৭ টা স্থানত চিবিআইৰ অভিযান

lalu prasad yadav

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে শুকুৰবাৰে চাকৰিৰ বাবে ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ কন্যা মিছা ভাৰতীৰ সৈতে সম্পৰ্কিত ১৭ টা স্থানত তালাচী চলাই। 

পাটনা, গোপালগঞ্জ আৰু দিল্লীৰ কেইবাটাও ঠাইত তালাচী চলোৱা হৈছে, যাৰ ভিতৰত আছে লালু, তেওঁৰ পত্নী ৰাবড়ী আৰু তেওঁলোকৰ জীয়েক মিছাৰ সৈতে জড়িত ঠাইসমূহ।

অভিযোগ অনুসৰি, আৰজেডি ৰ মুৰব্বী গৰাকীয়ে চাকৰিৰ বিনিময়ত কিছু অংশ ভূমি লৈছিল।  চিবিআইৰ সূত্ৰ মতে, লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈ থাকোতেই এই কেলেংকাৰী সংঘটিত হৈছিল। 

চিবিআইয়ে দাবী কৰে যে, "লালু প্ৰসাদ যাদৱ ৰে'ল মন্ত্ৰী হৈ থাকোতে নিৰ্দিষ্ট লোকৰ চাকৰিৰ বিনিময়ত ভূমি লোৱা হৈছিল।" খবৰ অনুসৰি, চিবিআইয়ে এক প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে, যিটো এতিয়া এজাহাৰলৈ উন্নীত কৰা হৈছে।

উল্লেখ্য় যে, কেইসপ্তাহমান আগতে পশুখাদ্য জালিয়াতিৰ গোচৰত আৰজেডি নেতাজনক জামিনত মুক্তি দিয়া হৈছিল। তেওঁ ইতিমধ্যে পশুখাদ্য জালিয়াতিৰ সৈতে জড়িত আগৰ চাৰিটা গোচৰত দোষী সাব্যস্ত হৈছে আৰু পঞ্চম আৰু চূড়ান্ত গোচৰতো অভিযুক্ত কৰা হৈছে।

৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ ফলত অবিভক্ত বিহাৰ জিলাৰ চৰকাৰী কোষাগাৰৰ পৰা ৰাজহুৱা পুঁজি অবৈধভাৱে উলিওৱা হৈছিল। লালু প্ৰসাদক ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল আৰু ৬০ লাখ টকাৰ জৰিমনা বিহা হৈছিল।

দুমকা, দেওঘৰ আৰু চাইবাছাৰ কোষাগাৰৰ সৈতে জড়িত চাৰিটা গোচৰত তেওঁক জামিন দিয়া হৈছিল।

Category
Profile picture for user UB Photos