আজি ঐতিহ্যমণ্ডিত ঢকুৱাখনা ফাটবিহুৰ প্ৰথমটো দিন!

faat bihu

ঢোল, পেঁপাৰ মাতত প্ৰাণ পাই উঠিল মহঘুলি চাপৰি, প্ৰতিকূল বতৰকো নেওচি উলাই আহিল জীয়াৰী বোৱাৰী 
সমন্বয়ৰ আদৰ্শৰে জীপাল ঢকুৱাখনা ফাটবিহু ৷

কৃষ্টি আৰু সংস্কৃতিৰে ঢকুৱাখনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনাবাসীৰ হিয়া আমঠু চাৰিকড়ীয়া নৈপাৰৰ ‘ফাটবিহু’ আজিৰেপৰা তিনিদিনীয়াকৈ ঢকুৱাখনা ম’হঘুলি চাপৰিত অনুষ্ঠিত কৰা হৈছে ।

‘ফাটবিহু’ৰ প্ৰথম দিনাই বিভিন্ন জাতি-জনজাতিৰ, কৃষ্টি-সংস্কৃতি, প্ৰেম-ভ্ৰাতৃত্ববোধেৰে মহামিলনৰ স্থলী এই ঢকুৱাখনা ‘ফাটবিহু’ তলিত উদুলিমুদুলি পৰিবেশে বিৰাজ কৰিছে। 

ঢকুৱাখনা ফাটবিহু উৎসৱত আজি প্ৰথম দিনা ঢোল,তাল, পেপা, গগনা টকা আৰু বিহুনামেৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনা আকাশ-বতাহ।  

dhakuakhana fat bihu

উল্লেখ্য় যে, পুৱা ফাটবিহু সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰি আজিৰ কাৰ্যসূচী অনুষ্ঠানিক ভাবে আৰম্ভ কৰে।

ইয়াৰ পাছতে ফাটবিহুত অংশগ্ৰহণৰ বাবে অহা বিহুদলসমূহক আদৰণি জনোৱাৰ পাছতে দুপৰীয়া ভাগত আৰম্ভ হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা ৷

ইফালে মহঘূলি চাপৰি চিচু গছৰ তলে তলে হোৱা বিহুৱে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনাৰ আকাশ বতাহ।মিছিং,দেউৰীকে ধৰি ফাটবিহুলৈ অহা জনগোষ্ঠীয় বিহু দল সমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিছে চাৰিকৰিয়া পাৰৰ মহঘুলি চাপৰি।

মুঠৰ ওপৰত ঢকুৱাখনাবাসীয়ে যোৱা দুটা বছৰ ফাটবিহু উদযাপনৰ পৰা বিৰত আছিল কভিড মহামাৰীৰ বাবে ৷ সেইহে এইবেলি ঢকুৱাখনাবাসীয়ে দহোবন কাটি কৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাবে ওলাই আহিছে মহঘুলি চাপৰিলৈ ৷  

Category
Profile picture for user UB Photos