ভয়ংকৰ গৰাখহনীয়া! ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ সপোন…

Erosion

ঢেকীয়াজুলি ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ৷ হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবাখনো গাও ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত ৷

নদীৰ পাৰৰ বতলা, ঢেকেৰী, গৰুডুবা, ভৰাশিঙৰী আৰু ধিৰাই মাজুলি গাওঁকেইখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নৈ খনে ৷ নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হয় এতিয়া অঞ্চলটোত প্ৰতিদিনেই খহিছে চপৰা - চপৰে গৰা ৷

নৈ খনে ঐতিহ্যমণ্ডিত হৰগৌৰী মন্দিৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে ভৰাশিঙৰীৰ কাষতে থকা পূব মাদ্ৰাছা আৰু এটা মছজিদ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ গুৰুত্ব নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷

বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীয়ে অঞ্চলটোত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছতো আজিকোপতি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোকসকল৷ শীঘ্ৰেই চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজক উপকৃত কৰিবলৈ আহবান জনাইছে স্থানীয় লোকসকলে ৷

Category
Profile picture for user UB Photos