
দেশত কংগ্ৰেছ দলক উদ্ধাৰৰ বাবে দলৰ মজিয়াত চিন্তা-চৰ্চা চলি থকাৰ মাজতে ভাইৰেল হৈছে কংগ্ৰেছৰ নেতা তথা গান্ধী পৰিয়ালৰ যুৱৰাজ ৰাহুল গান্ধী।
উল্লেখ্য় যে, বহিৰাষ্ট্ৰৰ নৈশ ক্লাৱত পাৰ্টী কৰি থকা অৱস্থাত ভাইৰেল হৈছে যুৱৰাজ ৰাহুল গান্ধীৰ এটা ভিডিঅ'।
জানিব পৰা মতে এজন বিজেপি নেতাই এই ভিডিঅ'টো ভাইৰেল কৰিছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বিজেপি শিবিৰৰ পৰা ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক এতিয়া বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
ভিডিঅ'টো শ্বেয়াৰ কৰি বিজেপি নেতাজনে অভিযোগ কৰা মতে ৰাহুল গান্ধীয়ে নৈশ ক্লাৱত পাৰ্টী কৰি আছে। আৰু কাষত পাৰ্টী কৰি থকা মহিলাগৰাকী হৈছে নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত।
अभी तो पार्टी बची हुई है 🙏 संकट पार्टी पर है परिवार पर नही pic.twitter.com/w4nvb6LYWy
— Manoj Tiwari 🇮🇳 (@ManojTiwariMP) May 3, 2022
মনকৰিবলগীয়া যে, ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্য়মত কটাক্ষ কৰিছে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক।
- Log in to post comments