পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! ১২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ

DRUGS

মহানগৰীৰ মালিগাঁৱত পুনৰ আটক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

গোশালাৰ শনি মন্দিৰৰ সমীপত মালিগাঁও আৰক্ষী চকীয়ে চলোৱা অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীজনৰ নাম দীপক দাস।

আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ১২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, খালী চিৰিঞ্জ।

লগতে জব্দ এখন দুচকীয়া বাহন, মোবাইল ফোনসহ নগদ ধন।

ঘটনা সন্দৰ্ভত মালিগাঁও আৰক্ষী চকীত NDPS আইনৰ অধীনত গোচৰ ৰুজু।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত মালিগাঁও আৰক্ষী চকীৰ।

Category
Profile picture for user UB Photos