সামান্য টকাৰ বিনিময়ত শিক্ষকে শিক্ষা দান নকৰে শিক্ষাৰ্থীক! প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল ছাত্ৰ-ছাত্ৰী…

teachers

দক্ষিণ শালমাৰাত শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ। প্ৰতিবাদ কাঠুলিপাৰা নৱজ্যোতি হাইস্কুলৰ শিক্ষাৰ্থীৰ। ব্যক্তিগত বিদ্যালয়ত পাঠদানৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।

দীৰ্ঘদিন ধৰি শিক্ষকজন বিদ্যালয়ত অনুপস্থিত থকাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল৷ সেয়ে আজি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰিবলৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হল ছাত্ৰ-ছাত্ৰী সকলে ৷

ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি বিজ্ঞান শিক্ষক মনিৰ আলি আহমেদে নিজৰ বিদ্যালয়ত অনুপস্থিত থাকি সামন্য টকাৰ বিনিময়ত আন এখন ব্যক্তিগত বিদ্যালয়ত পাঠদান দি আহিছে৷ এতিয়া এইজন শিক্ষকৰ বিৰুদ্ধে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়৷

Category
Profile picture for user UB Photos