সকাহ! ৰাজ্যত আৰু নাহে নতুন SOP, শিথিল হ’ব ক’ভিড বিধি

Corona Virus

অসমত আৰু নাহে নতুন SOP। দুই-এদিনতে প্ৰকাশ নাপায় নতুন SOP।

এই আশ্বাসবাণী দিছে খুদ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ক’ভিড যিহেতু কমিছে সেইবাবে SOPও শিথিল হৈ গৈ থাকিব।

আজি সৰুপথাৰত উপস্থিত হৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ১০০খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে৷

অনুষ্ঠানটোত সহযোগিতা কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। লগতে গোলাঘাট জিলাৰ যুটীয়া সঞ্চালকৰ লগতে বহু কেইজন দলীয় কৰ্মী উপস্থিত থাকে। প্ৰায় ১২ কোটি টকাতকৈও অধিক টকা ব্যয় কৰি ডেৰ বছৰৰ ভিতৰত মহকুমা অসামৰিক চিকিৎসালয়খন সম্পূৰ্ণ হোৱাৰ আশা কৰিছে মন্ত্ৰী কেশৱ মহন্তই।

উক্ত মহকুমা অসামৰিক চিকিৎসালয়খনত সকলো বিভাগৰে চিকিৎসক থাকিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

Category
Profile picture for user UB Photos