সাৱধান! দৈৰ সৈতে কেতিয়াও নাখাব এইসমূহ বস্তু, খালে বিপদ হ'ব পাৰে আপোনাৰো..

Curd

এতিয়া বিহুৰ বতৰ, অসমীয়াৰ বাপোতিসাহোন বিহুটিত দৈ খোৱাটো এক পৰম্পৰা বুলিব পাৰি। দৈ প্ৰতিজন মানুহৰে প্ৰিয়, সকলোৱে খায় ভাল পায় দৈ।

গাখীৰৰ দৰেই ইয়াকো এক পূৰ্ণ আহাৰ হিচাপে ধৰা হয়। দৈত ভিটামিন আৰু মিনাৰেলৰ সৈতে  প্ৰটিন আৰু ফেটো থাকে। সেইবাবে শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। কিন্তু কেতিয়াবা লাভৰ বিপৰীতে স্বাস্থ্যৰ লোকচানো হোৱা দেখা যায় যেতিয়া ইয়াৰ সৈতে ভুল কম্বিনেচনৰ বস্তু সেৱন কৰা হয়।

উল্লেখযোগ্য যে কিছুমান এনেকুৱা খাদ্য সামগ্ৰী আছে যাৰ সৈতে দৈ খালে আমাৰ স্বাস্থ্যৰ প্ৰতি লাভৰ বিপৰীতে লোকচান হোৱাৰ সম্ভাৱনা থাকে। আহক জানো কি সামগ্ৰী দৈৰ সৈতে কেতিয়া খাব নালাগে।

দৈ আৰু পিঁয়াজ

দৈ আৰু পিয়াজ একেলগে খালে আমাৰ এলাৰ্জী আৰু গেছৰ উপৰি এচিডিটি, আনকি বমিও হ’ব পাৰে। ইয়াৰ কাৰণ হ’ল দৈ ঠাণ্ডা হয় আৰু পিঁয়াজ গৰম। সেইবাবে এই দুয়োটা বস্তু একেলগে খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে।

দৈ আৰু মাছ

দৈ আৰু মাছ একেলগে খালে আমাৰ স্বাস্থ্যত খুব বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ দ্বাৰা গেছ আৰু এচিডিটি আৰু বদহজমৰ সমস্যা হ’ব পাৰে। সেইবাবে যেতিয়া আপুনি দৈ সেৱন কৰে তেতিয়া একেলগে মাছ খোৱাৰ পৰা দূৰত থাকক। কিয়নো এই দুয়োবিধ সামগ্ৰী আমাৰ শৰীৰৰ বাবে উপকাৰী হ’লেও একেলগে খালে সমস্যাই দেখা দিব পাৰে।

দৈ আৰু আম

দৈৰ সৈতে আমৰ কম্বিনেচনো একেবাৰে ওলোটা হয়। দৈৰ প্ৰভাৱ ঠাণ্ডা হয়, আনহাতে আমে গৰম কৰে। এই দুয়োটা সামগ্ৰী একেলগে খালে আন সমস্যাৰ লগতে ছাল সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে।

ৰহৰ দাইল আৰু দৈ

ৰহৰ দাইলো গৰম হয়। ইয়াৰ সৈতে দৈ সেৱন কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে। গেছ, এচিডিটিৰ লগতে পেটচলা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেইবাবে ৰহৰ দাইলৰ সৈতে দৈ কেতিয়াও খাব নালাগে।

দৈ আৰু গাখীৰ

আমি জানো যে দৈ গাখীৰৰ পৰাই বনোৱা হয়। কিন্তু এই দুয়োবিধক একেলগে খালে আমাৰ পাচন তন্ত্ৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ ফলত এচিডিটি আরু গেছৰ সমস্যা হ’ব পাৰে। দৈ আৰু গাখীৰ একেলগে খালে বমিও হ’ব পাৰে। সেইবাবে দৈ আৰু গাখীৰ একেলগে খাব নালাগে।

Category