কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোভিডত আক্ৰান্ত!

Lata Mangehskar

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কৰোনাত আক্ৰান্ত।

মঙলবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় গায়িকাগৰাকীক। বৰ্তমান লতা মংগেশকাৰৰ দেহত কৰোনাৰ সামান্য লক্ষণ দেখা গৈছে। পৰিয়ালৰ লোকে জনাইছে যে বৰ্তমান গায়িকাগৰাকীৰ স্বাস্থ্য ঠিকেই আছে যদিও বয়সৰ বাবে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰে দাদাচাহেব ফালকে আৰু ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা, লিজিয়ন অফ অনাৰৰ বিষয়াকে ধৰি অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। ১৯৭৪ চনত গিনিজ বুক অফ ৰেকৰ্ডছৰ দ্বাৰা তেওঁক ইতিহাসৰ আটাইতকৈ বেছি ৰেকৰ্ড কৰা শিল্পী হিচাপে মনোনীত কৰা হৈছিল। ১৯৪৮ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত তেওঁ প্ৰায় ২৫,০০০ গান গাইছে।

২০০১চনত, তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়।

Category
Profile picture for user UB Photos