বিমানত হাহাকাৰ! একেলগে ১২৫ জন যাত্ৰী ক'ভিড পজিটিভ...

Covid

এয়াৰ ইণ্ডিয়া ইটালী-অমৃতসৰ বিমানৰ ১২৫ জন যাত্ৰী ক'ৰোনা পজিটিভ।

অমৃতসৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত তেওঁলোকক কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছিল। বিমানখনত মুঠ ১৭৯ জন যাত্ৰী আহিছিল। বিমানবন্দৰৰ সঞ্চালক ভি কে শেঠে কয় যে সকলো পজিটিভ যাত্ৰীক একাষৰীয়াভাৱে ৰখা হৈছে। 

উল্লেখ্য় যে পজিটিভ যাত্ৰীসকলক আইচোলেচন চেণ্টাৰলৈ পঠিয়াবলৈ ইতিমধ্য়ে এম্বুলেন্সসমূহ বিমানবন্দৰত ৰখা হৈছে। লগতে তেওঁলোকৰ নমুনাবোৰ অমিক্ৰন পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বিমানবন্দৰৰ সঞ্চালক ভি কে শেঠে কয় যে সকলো যাত্ৰীক কোৱাৰেণ্টাইন হৈ থাকিবলৈ কোৱা হৈছে। তেওঁ কয় যে বিমানবন্দৰত সংক্ৰমণ বিয়পা পৰিহাৰ কৰিবলৈ যাত্ৰীসকলক বিমানবন্দৰৰ পৰা উলিয়াই অনা হৈছে। ইয়াৰ বাবে এম্বুলেন্স মাতি অনা হৈছে। যাত্ৰীসকলকো তেওঁলোকৰ জিলাত আইচোলেট কৰা হ'ব। 

Category
Profile picture for user UB Photos