কেনে আছে 'Bachpan Ka Pyar'খ্যাত সহদেৱ ডিৰ্ডো? সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ১০ বছৰীয়া কণমানি সহদেৱ

bachpan ka pyar

সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে 'বচপন কা প্যাৰ' খ্যাত ১০ বছৰীয়া কণমানি সহদেৱ ডিৰ্ডো।

মঙলবাৰে চত্তিশগড়ৰ ছুকমাত এক বাইক এক্সিডেণ্টত গুৰুতৰভাৱে আহত হোৱাৰ পিছৰে পৰা চিকিৎসাধীন হৈ আছে সহদেৱ।

খবৰ অনুসৰি, সহদেৱে বাইকত বহি গৈ থকা অৱস্থাত হঠাৎ ৰাজপথৰ পৰা ওফৰি পৰেগৈ। উল্লেখ্য় যে, সহদেৱে হেলমেট পিন্ধি থকা নাছিল আৰু সেয়ে তেওঁ মূৰত কিছু গুৰুতৰ আঘাত পাইছে।

dirdo

বৰ্তমান জগদলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে কণমানি ডিৰ্ডো। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে সহদেৱ ডিৰ্ডোৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

সহদেৱ ডিৰ্ডোৰ দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দেশজুৰি হাহাকাৰৰ সৃষ্টি হয়। জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে ডিৰ্ডোৰ প্ৰতি মুহূৰ্তৰ খবৰ লৈ আছে। বাদশ্বাহে সহদেৱ ডিৰ্ডোৰ সৈতে অলপতে বচপন কা প্যাৰ গানটোৰ এক নতুন ভাৰ্ছন প্ৰস্তুত কৰিছিল। বাদশ্বাহে টুইটযোগে সহদেৱৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে আৰু সকলোকে কণমানিটোৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে।

 

উল্লেখ্য যে, সহদেৱ ডিৰ্ডো নক্সাল অধ্যুষিত ছুকমা জিলাৰ বাসিন্দা। এই বছৰৰ আৰম্ভণিৰ ফালে বচপন কা প্যাৰ গানটো গাই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছৰে পৰা দেশবাসীৰ নয়নৰমণি হৈ পৰিছিল সহদেৱ।

 

ইয়াৰ পিছতে বাদশ্বেহে সহদেৱৰ সৈতে গানটোৰ এটা নতুন ভাৰ্ছন মুকলি কৰিছিল। 
 

Dirdo singer

Category
Profile picture for user UB Photos