নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন শিক্ষানীতি, কি আছে নতুন শিক্ষানীতিত?

New Education Policy

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন শিক্ষানীতি।

১ এপ্ৰিলৰ পৰা নতুন শিক্ষানীতিৰ আধাৰত আৰম্ভ হ’ব পাঠদান।

নতুন শিক্ষানীতিৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ।

বৰ্তমানৰ নাৰ্ছাৰী শ্ৰেণী এতিয়াৰে পৰা পৰিচিত হ’ব বুনিয়াদী পৰ্যায় হিচাপে।

বৰ্তমানৰ প্ৰাক প্ৰাথমিক শ্ৰেণীসমূহ পৰিচিত হ’ব ‘প্ৰস্তুতি’ হিচাপে।

প্ৰস্তুতি পৰ্যায়ত থাকিব  তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী।

বুনিয়াদীৰ পৰা ‘প্ৰস্তুতি’ পৰ্যায়লৈ থাকিব প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত থাকিব বুনিয়াদী শিক্ষাৰ পৰ্যায়।

ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত থাকিব মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত।

শিক্ষানীতিৰ তৃতীয় পৰ্যায় মাধ্যমিক শিক্ষাৰূপে পৰিচিত হ’ব।

মাধ্যমিক শিক্ষাত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী অন্তৰ্ভূক্ত হ’ব।

উচ্চ মাধ্যমিক ৰূপে পৰিচিত হ’ব চতুৰ্থ পৰ্যায়।

মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায় দুটা স্কুল শিক্ষা সঞ্চালকালয়ৰ অধীনত থাকিব।

অংগনবাড়ী কেন্দ্ৰসমূহ বুনিয়াদী পৰ্যায়ত সংযোগ কৰাৰ বিষয়ে কমিটি গঠন হ’ব।

কমিটিয়ে অংগনবাড়ী শিক্ষাৰ অন্তৰ্ভূক্তি সন্দৰ্ভত প্ৰতিবেদন দিব।

নতুন ব্যৱস্থা প্ৰশাসনিকভাৱে ২০২২ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।

পাঠ্যক্ৰম বৰ্ষ হিচাপে ২০২২-২৩ শিক্ষাবৰ্ষ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।

Category
Profile picture for user UB Photos