মেৰী কমে উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ

Mary Kom

বক্সিং চেম্পিয়ন এম চি মেৰী কম সাজু হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিবলৈ। বিশিষ্ট খেলুৱৈ পদ্মবিভূষণ, বক্সাৰ এম চি মেৰী কমে দেওবাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ ৫২ তম সপ্তাহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

সেইঅনুপাতে অনুষ্ঠানটোৰ আয়োজকসকলো মেৰী কমক আদৰণি জনোবলৈ সাজুঁ।

বিশ্ববিদ্যালয়খনৰ ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মেৰী কমে যুৱচামক সম্বোধন কৰিব।

DU

তদুপৰি, সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

৬বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কম হৈছে বক্সিংত অলিম্পিক পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা খেলুৱৈ।

অনুষ্ঠানটোৰ আয়োজক আৰু ছাত্ৰ সংগঠনটোৱে 'কুইন অফ দ্য ৰিং'- এম চি মেৰী কমক আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

Category
Profile picture for user UB Photos