অসমীয়াক অপমান কৰি জনপ্ৰিয় নৃত্যশিল্পী তথা এংকৰ ৰাঘৱ জুৱেল বিতৰ্কত! সচাঁকৈ কৰিছিল নে বিতৰ্কিত মন্তব্য?

Raghav Controversy

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত বৰ্ণবৈষম্যমূলক আচৰণক লৈ সৃষ্টি হৈছে বিতৰ্ক। অসমীয়াক অপমান কৰি জনপ্ৰিয় নৃত্যশিল্পী তথা এংকৰ ৰাঘৱ জুৱেলে কৰা মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্ক। কালাৰ্চ টিভিত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ ডান্স দিৱানেৰ এংকৰ ৰাঘৱে অসম তথা অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এটা ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত প্ৰদৰ্শিত হোৱা নৃত্য প্ৰতিযোগিতাৰ ভিডিঅ ক্লিপে অসমৰ লগতে দেশ জুৰি তোলপাৰ লগাইছে। অসমৰ গুৱাহাটীৰ নিবাসী এগৰাকী কনমানি প্ৰতিযোগীক অনুষ্ঠানটোৰ ঘোষকে কৰা মন্তব্যক লৈ এই তোলপাৰ লাগিছে।

ৰিয়েলিটি শ্ব’টোৰ এংকৰে অসমীয়া প্ৰতিযোগীগৰাকীক ‘ম’মো’, ‘চাওমিন’, ‘চাইনীজ’ বুলি পৰিচয় দিয়াক লৈ উত্তৰ-পূববাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নৃত্য ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগী গুঞ্জন সিনহাক ষ্টেজত প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়ত এংকৰজনে ‘চীনা’ ভাষাৰ দৰে কথা কোৱাৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ভিডিওটোৱে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।

অৱশ্যে এই ঘটনাৰ পাছতে অনুষ্ঠানটোৰ ঘোষক ৰাঘৱ জুৱেলে ইনষ্টাগ্ৰামত স্পষ্ট কৰিছে যে, তেওঁ বৰ্ণবাদী নহয় , তেওঁ কেতিয়াও কোনো ধৰ্ম বা স্থানক অসন্মান কৰা নাছিল। ক্লিপটোৰ ভুল ব্যাখ্যা কৰা হৈছে আৰু ভুলকৈ শ্বেয়াৰ কৰা হৈছে। কেৱল মাত্ৰ সৰু ভিডিঅ এটা চাই মানুহক দোষাৰোপ কৰাতো ভুল।

এই বিষয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ লিখিছে, এইটো মোৰ দৃষ্টিগোচৰ হৈছে যে এজন জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হোষ্টে গুৱাহাটীৰ এগৰাকী তৰুণ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে বৰ্ণবাদী ভাষ্য ব্যৱহাৰ কৰিছে। এইটো লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। আমাৰ দেশত বৰ্ণবাদৰ কোনো স্থান নাই আৰু আমি সকলোৱে ইয়াক দ্ব্যর্থহীনভাৱে ক্ষতিপূৰণ কৰা উচিত।

 

Category
Profile picture for user UB Photos