আপুনি এজন মুছলমান, মন্দিৰ কিয় দৰ্শন কৰিছে?: কেদাৰনাথ ভ্ৰমণ কৰাৰ পাছতে এইদৰে ট্ৰ'লৰ সন্মুখিন হ'ল চাৰা

Sara Troll

ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যিমানেই ভাল সমানে বিষাক্তও আজিকালি। কাৰোবাক ট্ৰ'ল কৰিবলৈ যেন কণমানো সময় নলয়।

শেহতীয়াকৈ অনলাইন ট্ৰ'লৰ সন্মুখীন হ'ব লগা হৈছে বলীউডৰ চেলিব্ৰিটি চাৰা আলী খান।

কিছুদিন পূৰ্বে, চাৰা আলী খানে জাহ্নৱী কাপুৰৰ সৈতে কেদাৰনাথ মন্দিৰ ভ্ৰমণ কৰিছিল। যদিও বেছিভাগ সমালোচকে তেওঁলোকে শ্বেয়াৰ কৰা ধুনীয়া ছবিবোৰৰ প্ৰশংসাত ব্যস্ত আছিল, তাৰ সমানে কিছুমানে চাৰাৰ মন্দিৰ দৰ্শন কৰাক লৈ ইনষ্টাগ্ৰামত ব্য়স্ত আছিল ট্ৰ'ল কৰাত।

অমিত শ্বাহৰ জন্মদিনৰ প'ষ্টৰ বাবে ট্ৰ'ল হোৱাৰ পিছত, এতিয়া, অভিনেত্ৰী চাৰা আলী খানক কেদাৰনাথৰ পবিত্ৰ মন্দিৰ ভ্ৰমণৰ বাবে ট্ৰ'ল কৰা হৈছে। চাৰাই জাহ্নৱীৰ সৈতে তাইৰ কেদাৰনাথ ভ্ৰমণৰ কিছুমান মন্ত্ৰমুগ্ধ ফটো শ্বেয়াৰ কৰিছিল। 

 

চাৰা আলী খানৰ ধৰ্মক লক্ষ্য কৰি দিয়া কিছুমান মন্তব্য অত্যন্ত নিষ্ঠুৰ আছিল। ঘৃণামূলক মন্তব্যৰ পৰা হিন্দু মন্দিৰ দৰ্শন কৰা মুছলমান হোৱাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱালৈকে, চাৰা আলী খানে সকলো ধৰণৰ মন্তব্যৰ সন্মখীন হৈছে, যদিও এনেবোৰ মন্তব্য আমাৰ সভ্য সমাজৰ পৰা আশা কৰা নাযায়।

এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "আপুনি এজন মুছলমান, গতিকে আপুনি কি কৰি আছে, আষ্টাগফিৰুল্লাহ। আন এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছিল, "লানাত হে তুম জৈছে মুছলমানো পে... আউ তুম মুছলিম হো বি নেহি হো সকতে তুম জাছে লগ। এজনে আনকি লিখিছিল যে তেওঁ এতিয়া হিন্দু মন্দিৰ দৰ্শন কৰাৰ বাবে তাইক 'ঘৃণা' কৰে।

Category
Profile picture for user UB Photos