মাত্ৰ ৭২ গৰাকী ভোটাৰে ভোটদান দিয়াৰ পিছতে বিকল হ'ল EVM মেছিন

Failed EVM Machine

মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিত বিকল হ'ল EVM মেছিন। মাত্ৰ ৭২ গৰাকী ভোটাৰে ভোটদান দিয়াৰ পিছতে বিকল হ'ল মেছিন। 

ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাতে ইভিএম বিকল হৈ পৰে মৰিয়নী বিধানসভা সমষ্টিত। যাৰফলত ভোটদানৰ পৰা বঞ্চিত ভোটাৰ ৰাইজ।

১৩৬নং টিপমীয়া প্ৰাথমিক বিদ্যালয়ৰ ইভিএম বিকল । সেইহেতুকে নিৰ্দ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আনহাতে ভৱানীপুৰ সমষ্টিৰ বাক্সাৰ শালবাৰীৰ বৰট্টাৰী ৬৬ নং ভোট কেন্দ্ৰতো বিকল ইভিএম। ঘণ্টাৰ পিচত ঘণ্টা ধৰি ভোট গ্ৰহণৰ বাবে অপেক্ষা কৰি থাকিব লগীয়া হৈছে ভোটাৰ ৰাইজে।

৭২ গৰাকী ভোটাৰে ভোট দিয়াৰ পিচত বিকল হৈ পৰে EVMমেছিন।

যাৰফলত ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Category
Profile picture for user UB Photos