প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ নতুন সংযোজন!‘অগ্নি-5’ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

Agni

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ নতুন সংযোজন! ‘অগ্নি-5’ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ

৫ হাজাৰ কিঃমিঃৰ দূৰত্বত আঘাত হানিব ‘অগ্নি-5’-এ

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰিলে অন্যতম সফলতা। ‘অগ্নি-5’ ক্ষেপণাস্ত্ৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰি অভিলেখ গঢ়িলে ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেচনে।

৫ হাজাৰ কিঃমিঃ দুৰত্ব ভেদী ক্ষেপণাস্ত্ৰ বুধবাৰে বিয়লি ওড়িশাৰ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা সফলতাৰে উৎক্ষেপন কৰা হয়। ‘অগ্নি-5’ ক্ষেপণাস্ত্ৰ ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ কৰিবলৈ সক্ষম।

৫ হাজাৰ কিঃমিঃ পৰ্যন্ত শত্ৰুপক্ষক আক্ৰমণ কৰিব পাৰে ‘অগ্নি-5’-এ। চীনৰ উত্তৰাংশৰ অধিকাংশ এলেকাক আক্ৰমণ কৰিব পৰাকৈ ক্ষমতাসম্পন্ন কৰি তোলা হৈছে ‘অগ্নি-5’ক।

শব্দৰ গতিতকৈ ২৪ গুণ অধিক বেগী অগ্নি-5 মিছাইল। শক্তিশালী ক্ষেপণাস্ত্ৰ বিধে ভাৰতৰ সীমান্তৱৰ্তী শত্ৰুপক্ষক চিন্তিত কৰি তুলিছে বৰ্তমান।

Category
Profile picture for user UB Photos