ধুমপানকাৰী সকললৈ আছে এটা বেয়া খবৰ! দাম বাঢ়িব বিড়ি–চিগাৰেট–ধঁপাতজাতীয় সামগ্ৰীৰ

Cigarettes to become expensive

ধঁপাতজাতীয় সামগ্ৰীৰ বাবে কৰ নীতি প্ৰস্তুত কৰাৰ বাবে বিশেষজ্ঞসকলক লৈ এক গোট গঠন কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ ফলত বিড়ি, চিগাৰেটৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত।

বৰ্তমান ধঁপাতৰ পাত বাদ দি ধঁপাতজাতীয় সকলো সামগ্ৰীৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰা হয়। লগতে বিভিন্ন ধৰণৰ কৰও আৰোপ কৰা হয়।

Cigarettes to become expensive

২০১৭ চনত জিএছটি আৰম্ভ হোৱাৰ পিছৰে পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি হোৱা নাই। বিগত তিনি বছৰত বিড়ি, চিগাৰেটৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দামো সেইদৰে বৃদ্ধি হোৱা নাই।

ভাৰতত বৰ্তমান চিগাৰেটৰ ওপৰত সৰ্বমুঠ কৰৰ হাৰ ৫২.৭ শতাংশ, বিড়িৰ ওপৰত ২২ শতাংশ আৰু ধোঁৱাহীন ধঁপাতৰ ওপৰত ৬৩.৮ শতাংশ।'

Cigarettes expensive

যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি, সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অন্তত ৭৫ শতাংশ কৰৰ হাৰ আৰোপ কৰা উচিত।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতজাতীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে ধঁপাতৰ ব্যৱহাৰ কমোৱাৰ আটাইতকৈ কাৰ্যকৰী উপায়। কাৰণ চিগাৰেট, বিড়িৰ দৰে ধঁপাতজাতীয় সামগ্ৰীৰ দাম বাঢ়িলে সেয়া বহুতৰ বাবে সাধ্যৰ বাহিৰলৈ যাব।

 
Category
Profile picture for user UB Photos