কাইলৈৰ পৰা ৩ দিনৰ বাবে এই সময়ত বন্ধ থাকিব বেংকৰ লেনদেন...

State Bank Closed

ভাৰতীয় ষ্টেট বেংকত একাউণ্ট থকাসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ।

SBIৰ গ্ৰাহকসকললৈ বেংকে জাৰি কৰিছে এটা সতৰ্কবাণী। বেংকৰ বিশেষ সেৱা কাইলৈৰ পৰা তিনি দিনৰ বাবে কেইঘণ্টামান কাম নকৰিব। এই জাননী বেংকে গ্ৰাহকসকলক টুইটযোগে অৱগত কৰিছে।



SBIএ টুইটটোত লিখিছে, চিষ্টেম মেইনটেইন্সৰ বাবে বেংকৰ কিছুমান সেৱা ০৯, ১০ আৰু ১১ অক্টোবৰত স্থগিত ৰখা হ'ব। ইয়াত অন্তৰ্ভুক্ত থাকিব ইণ্টাৰনেট বেঙ্কিং, Yono, Yono Lite আৰু UPI সেৱা।

গ্ৰাহকসকলক উন্নত সুবিধা প্ৰদান কৰাৰ বাবে বেঙ্কে সময়ে সময়ে উন্নীতকৰণ কৰে যাতে গ্ৰাহকসকলে সহজে ডিজিটেল সুবিধা লাভ কৰিব পাৰে। এই সময়ত গ্ৰাহকে লেনদেন কৰিব নোৱাৰিব।

সেৱাসমূহ ০৯ অক্টোবৰৰ নিশা ১২:২০ বজাৰ পৰা ০২:২০ বজালৈ বন্ধ থাকিব, ১০ আৰু ১১ অক্টোবৰৰ নিশা ১১.২০ বজাৰ পৰা ১.২০ বজালৈ উপলব্ধ নহ'ব।

Category
Profile picture for user UB Photos