২২ বছৰ সম্পূৰ্ণ! ন্যায় নাপালে গুপ্ত হত্যাৰ বলি হোৱা উমা গগৈৰ পৰিয়ালে

২২ বছৰ সম্পূৰ্ণ! ন্যায় নাপালে গুপ্ত হত্যাৰ বলি হোৱা উমা গগৈৰ পৰিয়ালে

২২ বছৰ সম্পূৰ্ণ। ন্যায় নাপালে গুপ্ত হত্যাৰ বলি উমা গগৈৰ পৰিয়ালৰ ছয় ব্যক্তি আত্মাই।

১৯৯৯ চনৰ ১২ ছেপ্তেম্বৰৰ এটি অভিশপ্ত পুৱতি নিশা। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা ২ নং বৰবিল গাঁৱৰ উমা গগৈৰ পৰিয়ালক অতি বৰ্বৰ আৰু নিৰ্মমভাৱে নিঃশেষ কৰিছিল গুপ্ত ঘাটকে।

উমা গগৈৰ লগতে তেওঁৰ পত্নী বিহুটি গগৈ, পুত্ৰ ধীৰাজ গগৈ, তিনিটা কন্যা সন্তান ক্ৰমে- বিনিতা গগৈ, নিতুমণি গগৈ আৰু মামু গগৈক মুঠ ছয়জনক গুপ্ত ঘাটকে অতি নিশংসভাৱে বৰ্বৰতাৰে শাৰীৰিক অত্যাচাৰ কৰি শেষত আটাইকেইজনকে একেলগে এখন বিচনাত বান্ধি বোমা বিস্ফোৰণ ঘটাই উৰুৱাই দিছিল।

গুপ্ত ঘাটকৰ দলটো ইমানেই বৰ্বৰ আছিল যে উমা গগৈ, তেওঁৰ পত্নী বিহুটি গগৈ আৰু পুত্ৰ ধীৰাজ গগৈক একেলগে বান্ধি তেওঁলোকৰ চকুৰ আগতে কন্যা তিনিগৰাকীক দলগত ধৰ্ষণ কৰি পিছত মদ খাই হুলস্থুল কৰি গোটেই পৰিয়ালক বোমাৰে উৰুৱাই দি আঁতৰি গৈছিল।

পুৱতি নিশা সংঘটিত কৰা এই ঘটনাৰ পাছত গুপ্তঘাটকৰ দলটো তাৰ পৰা বীৰদৰ্পে আঁতৰি যাওঁতে স্থানীয় বহুলোকে প্ৰত্যক্ষ কৰিছিল। সেই সময়ত মাহমৰা সমষ্টিৰ বিধায়ক আছিল অগপৰ হিৰণ্য কোঁৱৰ। হিৰণ্য কোঁৱৰ সেই সময়ত কেবিনেট মন্ত্ৰীও আছিল। গুপ্ত ঘাটকক বিচৰা নামত নিৰীহ লোকক হাৰাশাস্তি কৰি গুপ্ত ঘাটকক মুক্ত আকাশৰ তলত ঘুৰি ফুৰিবলৈ সুবিধাহে দিলে।

তাৰ পাছত আহিল কংগ্ৰেছ চৰকাৰ। উক্ত অভিশপ্ত পৰিয়ালটিৰ ছয় আত্মাৰ সদগতি বাবে গুপ্ত ঘাটকক গ্ৰেপ্তাৰ কৰা আশ্বাস প্ৰদান কৰিলে কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। সময় বাগৰি  গৈ থাকিল কিন্তু এই পৰিয়ালটি ছয় আত্মাই আজিও শান্তি নাপালে। আজিও গুপ্ত ঘাটক মুকলি আকাশৰ তলত অতি ভদ্ৰহৈ মুক্ত ভাৱে ঘুৰি ফুৰিছে। স্থানীয় ৰাইজৰ দাবী গুপ্ত ঘাটকক গ্ৰেপ্তাৰ কৰি ২২ বছৰে ন্যায় নোপোৱা ছয় আত্মাক ন্যায় দিব লাগে বৰ্তমান চৰকাৰখনে।

Category
Profile picture for user UB Photos