স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। আজিৰে পৰা কাৰ্যকৰি হ’ব নতুন SOP। জনতা ভৱনত সংবাদ মেল স্বাস্থ্যমন্ত্ৰীৰ -
- নিশা ৯ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন
- নিশা ৮ বজালৈ খোলা থাকিব দোকান-পোহাৰ
- এপালি ভেকচিন লোৱা কৰ্মচাৰীয়ে কাৰ্যালয়লৈ আহিব লাগিব
- ১০ দিনৰ তথ্যৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ
- মুকলি কৰা হ’ল আন্তঃজিলা যাতায়াত
- আজি ১১ বজাৰ পৰা কাৰ্যকৰী এইসমূহ নিয়ম
- ১০০ শতাংশ যাত্ৰী কঢ়িয়াব পাৰিব সকলো বাহনে
- বাইকত উঠিব পাৰিব দুজন ব্যক্তি
- অতিৰিক্ত যাত্ৰী কঢ়িয়ালে ভৰিব লাগিব জৰিমনা
- যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
- দ্বাদশ শ্ৰেণীৰ সকলো চূড়ান্ত বৰ্ষৰ পাঠদান মুকলি
- শিক্ষক-কৰ্মচাৰী সকলোৱে ল’ব লাগিব ভেকচিন
- ৩ দিনৰ ভিতৰত ল’ব লাগিব ভেকচিন
- ৬ ছেপ্টেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ
- এটা শ্ৰেণীত প্ৰতিষেধক লোৱা ৩০গৰাকী শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব
- ৫০ জনৰে পাতিব পাৰিব ৰাজহুৱা অনুষ্ঠান, ল’ব লাগিব স্থানীয় আৰক্ষী থানাৰ অনুমতি। ২০০ ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ল’ব লাগিব উপায়ুক্তৰ অনুমতি।
- বিবাহ, মৃতকৰ সৎকাৰত ৫০জন লোকৰ অনুমতি প্ৰদান
- ধৰ্মীয় স্থানত প্ৰতিঘণ্টাত ২০জন লোকৰ প্ৰৱেশৰ অনুমতি।
Category
- Log in to post comments