নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ; আহত দুজন

majuli

মাজুলীৰ কমলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। 

NLK ROAD, মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো

প্ৰত্যক্ষদৰ্শীৰ মতে, আজি পুৱা ৭.৪৫ বজাত গড়মূৰ দিশৰ পৰা কমলাবাৰী অভিমুখে তীব্ৰ বেগেৰে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। খুন্দাৰ প্ৰচণ্ডতাত গাড়ীখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি যায়।

জানিব পৰা মতে, গাড়ীখনত চালকৰ লগতে এজন যাত্ৰী আছিল। দুৰ্ঘটনাত দুয়োজনেই গুৰুতৰভাৱে আহত হয়।

স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োজনকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত কমলাবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। 

Category