নগাঁও চহৰৰ সমীপৱৰ্তী হয়বৰগাঁৱৰ ‘পূৰ্ণিমা বাৰ’ত উত্তপ্ত পৰিস্থিতি।
বৃহস্পতিবাৰে নিশা একেলগে সুৰাপান কৰি থকা তিনিগৰাকী যুৱকৰ মাজত সৃষ্টি হোৱা তৰ্কা-তৰ্কিয়ে পিছলৈ ভয়ংকৰ সংঘাতৰ ৰূপ লয়।
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা নগাঁৱৰ হয়বৰগাঁওস্থিত পূৰ্ণিমা বাৰত বটদ্ৰৱা আমলখিৰ ৱাহিদ জামান, মৰিগাঁও ভেলৌগুৰিৰ মোস্তাফিজুৰ ৰহমান আৰু জিয়াবুৰ ৰহমান নামৰ তিনিজন যুৱকে একেলগে সুৰাপান কৰি আছিল। সুৰাপান কৰি থকা অৱস্থাতে কোনো কাৰণত তিনিওৰে মাজত বাকবিতণ্ডাৰ সৃষ্টি হয়।
বাকবিতণ্ডা ক্ৰমান্বয়ে উগ্ৰ হৈ পৰে আৰু জিয়াবুৰ ৰহমান নামৰ যুৱকজনে সুৰাৰ বটল ভাঙি সেই ভঙা বটলেৰে বাকী দুয়োগৰাকী সংগী ৱাহিদ জামান আৰু মোস্তাফিজুৰ ৰহমানক হানি-খুচি হত্যাৰ চেষ্টা চলায়।জিয়াবুৰৰ এই হঠাৎ আক্ৰমণৰ ফলত বাৰ চৌহদ নিমিষতে ৰক্তাক্ত হৈ পৰে আৰু ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৱাহিদ জামান আৰু মোস্তাফিজুৰ ৰহমান
আহত ৱাহিদ জামান আৰু মোস্তাফিজুৰ ৰহমানক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়। বৰ্তমান দুয়োগৰাকী যুৱক চিকিৎসাধীন হৈ আছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত আক্ৰমণকাৰী জিয়াবুৰ ৰহমানক আটক কৰে আৰু অধিক তদন্তৰ বাবে থানালৈ লৈ যায়। আৰক্ষীয়ে সম্প্ৰতি ঘটনাটোৰ সন্দৰ্ভত আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
- Log in to post comments