"অসমৰ লোকৰ ওপৰত আক্ৰমণ হ’লেই এইবাৰ প্ৰত্যাক্ৰমণ হ’ব।"- শৃংখল চলিহা

assamnews

অসম-মেঘালয় সীমান্তৰ যোৰাবাটত উত্তপ্ত পৰিস্থিতি। মেঘালয়ত অসমৰ লোক আৰু বাহনৰ ওপৰত চলোৱা আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰস্থিতি।

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ কাৰ্যকৰ্তাসকলে সীমান্ত প্ৰাংগণত উপস্থিত হৈ মেঘালয় চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

যোৰাবাট প্ৰতিবাদস্থলীত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মেঘালয়ত বসবাস কৰা তথা যাতায়াত কৰা অসমৰ লোকসকলৰ সম্পূৰ্ণ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মেঘালয় চৰকাৰক দাবী জনায়।

লগতে অসমৰ লোকসকলক লক্ষ্য কৰি চলোৱা হিংসাত্মক কাৰ্যকলাপক তীব্র ভাষাৰে গৰহণা দিয়ে

শৃংখল চলিহাই কয়, "অসমৰ লোকৰ ওপৰত আক্ৰমণ হ’লেই এইবাৰ প্ৰত্যাক্ৰমণ হ’ব।"

অসমৰ কোনো এজন নাগৰিক বা চালকৰ ওপৰত আন ৰাজ্যত হোৱা কোনো ধৰণৰ অন্যায় বা হিংসাত্মক ঘটনা কোনো পৰিস্থিতিতে সহ্য কৰা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

Category