সোমবাৰে লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।কেবিনেটত ৰাজ্য চৰকাৰে গ্ৰহণ কৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত।ৰাজ্যিক কেবিনেটৰ পিছতে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিলে সংবাদমেল।
সংবাদমেলযোগে কেবিনেট সিদ্ধান্তৰ বিষয়ে জনালে মুখ্যমন্ত্ৰীয়ে। পূৰ্বৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ চৌহদত তাজ গে’টৱে’ হোটেল স্থাপনৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড আৰু ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ মাজত প্ৰস্তাৱিত ইজাৰা চুক্তিপত্ৰ (Lease Deed)ৰ খচৰাত কেবিনেটৰ অনুমোদন।
কেবিনেটৰ দ্বাৰা APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত ২৫ বছৰৰ বাবে ২৫ মেগাৱাটৰ নামৰূপ সৌৰ পিভি প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত ৩.৪৫ টকা হাৰত বিদ্যুৎ ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনত অনুমোদন। ভি বি জি-ৰাম জি আঁচনিৰ অধীনত ইণ্টাৰলকিং পেভাৰ ব্লক পথ, মহিলাৰ নেতৃত্বত গ্ৰাম্য বজাৰ, বিদ্যালয়ৰ চৌহদৰ বেৰ, শ্মশান আৰু জিৰণি গৃহ, সামূহিক ভৱন, ব্যক্তিগত হিতাধিকাৰী আঁচনি ৰূপায়নত অনুমোদন।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তি হিচাপে BTRলৈ ৪৫০ কোটি টকা মুকলি কৰাৰ বাবে কেবিনেটৰ অনুমোদন।
উল্লেখ্য যে, বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিললৈ ৯০০ কোটি টকা দিয়াৰ প্ৰস্তাৱ আছিল৷ এৰ’ট্ৰপলিছ ছেটেলাইট চিটী প্ৰকল্প, গুৱাহাটীৰ বাবে ভূমি অধিগ্ৰহণ আৰু উন্নয়নৰ ক্ষেত্ৰত ২,১০০ কোটি টকা ব্যৱহাৰত কেবিনেটৰ অনুমোদন। অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা (পৰিপূৰক ব্যৱস্থা) বিধি, ২০২২ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনৰ বাবে কেবিনেটৰ অনুমোদন।
বছৰি ১০ লাখ টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰ দিব নালাগে। অসমৰ ৰাজ্যিক অ’বিচি তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অ’বিচি তালিকাত অন্তৰ্ভুক্ত নোহোৱা ছটা (৬) সম্প্ৰদায়ৰ যোগ্য ব্যক্তিসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত অ’বিচি নন-ক্ৰীমি লেয়াৰ (NCL) প্ৰমাণপত্ৰ প্ৰদানৰ বাবে কেবিনেটৰ অনুমোদন।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেচনৰ নতুন সিদ্ধান্ত৷ চাকৰি পোৱাৰ ৬ মাহৰ ভিতৰত পুলিচ ভেৰিফিকেচন ৰিপ’ৰ্ট দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত। পুলিচ ভেৰীফিকেচন ৰিপ’ৰ্ট ৬ মাহলৈকে নাহিলে চাকৰি নিয়মীয়া হ’ব৷ তাৰ আগলৈকে অৰ্থাৎ যোগদানৰ ছমাহলৈকে চাকৰি প্ৰভিজনেল হৈ থাকিব।’’
আধাৰ কাৰ্ডৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত। আধাৰ কাৰ্ড লোৱাৰ সময় ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি। মৰাণ-মটক জনগোষ্ঠীৰ লোকসকলে ৩১ মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণৰ বাবে ২০২৬-২৭ বিত্তীয় বৰ্ষত ১১৮.৫৮ কোটি টকাৰ বাজেট আবণ্টনক কেবিনেটৰ অনুমোদন। কেবিনেটে CM-FLIGHTৰ অধীনত বিদেশী ভাষা প্ৰশিক্ষণ তথা ৰূপায়ণ অংশীদাৰ ৰ সংশোধিত পৰিশোধৰ গাঁথনিত অনুমোদন জনাই। ৩ মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণৰ পাছত ৩০,০০০ টকা, ৬ মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণৰ পাছত : ৩০,০০০ টকা প্ৰশিক্ষণ সম্পূৰ্ণ কৰি বিদেশী ভাষা দক্ষতা পৰীক্ষাৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ পাছত ৪০,০০০ টকা আৰু নিয়োগৰ পাছত প্ৰাৰ্থীসকলক সহায়ৰ বাবে ৫০,০০০ টকা প্ৰদানত অনুমোদন।
- Log in to post comments