মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ সাহায্য আই এছ এ গুৱাহাটী মহানগৰ শাখাৰ

assamfloods

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।

এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ Indian Society of Anaesthesiologists ৰ তৰফৰ পৰা ১ লাখ টকাৰ সাহায্য সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক কাৰ্যসূচীত শাখাটোৰ প্ৰতিনিধিসকলে ১ লাখ টকাৰ চেকখন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

এই সামাজিক উদ্যোগৰ জৰিয়তে দুৰ্যোগ আৰু সংকটৰ সময়ত ৰাজ্যবাসীৰ কাষত থিয় দিয়াৰ এক সুন্দৰ বাৰ্তা প্ৰদান কৰিছে ISA গুৱাহাটী চিটি শাখাই। চেকখন অৰ্পণ কৰাৰ সময়ত ISA Guwahati City Branch-ৰ সভাপতি ডাঃ অৰুণ ডেকা, সম্পাদক ডাঃ বাবু পাঠক আৰু ডাঃ যোগেন মজুমদাৰ উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিয়ে এই মানৱীয় উদ্যোগক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।

Category