নগাঁও জিলাৰ ৰাঙলু এঘাৰ মাইলত শোকাৱহ পথ দুৰ্ঘটনা। ব’লবমৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত নিহত যুৱতী। নিহত যুৱতীগৰাকী পৰিস্মিতা দাস বুলি জানিব পৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা পৰিস্মিতা দাস নামৰ যুৱতীগৰাকীয়ে আন ভক্তসকলৰ সৈতে কঠিয়াতলীৰ ৰেংবেঙৰ ব’ল বমস্থলীলৈ গৈছিল। পূজা-অৰ্চনা সমাপন কৰি বাইকেৰে ঘৰলৈ উভতি অহাৰ সময়তে ৰাঙলু এঘাৰ মাইলত নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনৰ পৰা যুৱতীগৰাকী ৰাস্তাত বাগৰি পৰে। ঠিক সেই মুহূৰ্ততে পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা এখন কণ্টেইনাৰে যুৱতীগৰাকীক মহতিয়াই লৈ যায়।
কণ্টেইনাৰখনৰ তীব্ৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰে পৰিস্মিতা দাস। ইপিনে দুৰ্ঘটনাৰ পিছতে ৰাঙলু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
- Log in to post comments