আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ নেপালীখুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা।
বুধবাৰে পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগী কৰি নেপালীখুঁটিৰ কেইবাটাও আশ্ৰয় শিবিৰত থকা পৰিয়ালৰে মত-বিনিময় কৰে। ট্ৰেক্টৰত উঠি চণ্টক, নেপালীখুঁটি আদি এলেকা পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তসকলৰ মনৰ বুজ লয় নাড্ডাই।
বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি জে পি নাড্ডাই সংবাদমাধ্যমৰ সন্মুখত কয় যে, ‘‘নেপালীখুঁটিত বিধ্বস্ত পৰিৱেশ দেখিলোঁ। প্ৰলংয়কৰী বানে অকল্পনীয় ক্ষতি কৰিলে। নাগালেণ্ডৰ মনৰ পৰা অহা নদীয়ে বিপদত পেলালে গাঁওসমূহক। এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ লগত আছে।’’
নাড্ডাই লগতে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে মোক ইয়ালৈ প্ৰেৰণ কৰিছে। যিমান ক্ষয়-ক্ষতি হ’ল, সুস্থিৰ হ’বলৈ কিছু সময় লাগিব। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্যৰ লগতে সকলো সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে। কেনেকৈ কি কৰিব পাৰি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম।’’
নেপালীখুঁটিৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পিছতে নাগালেণ্ডৰ মন জিলালৈ ৰাওনা হয় জে পি নাড্ডা। পৰিদৰ্শন কৰিব মন জিলাৰ বানবিধ্বস্ত অঞ্চল।
- Log in to post comments