অৱশেষত উদ্ধাৰ ১৭ দিন ধৰি সন্ধানহীন হৈ থকা চাৰিবছৰীয়া শিশু

morigaon

অৱশেষত উদ্ধাৰ ১৭ দিন ধৰি সন্ধানহীন হৈ থকা অপহৃত চাৰিবছৰীয়া শিশু।

মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মৰিগাঁও জিলাৰ পচতীয়া অঞ্চলৰ পৰা অপহৰণ হোৱা শিশুটি।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন টমটম চালকক আটক কৰা হৈছে। আটকাধীন ব্যক্তিজনৰ নাম নাজিমুদ্দিন আলি বুলি জানিব পৰা গৈছে।

তেওঁ মৰিগাঁও জিলাৰ নাৰমাৰী অঞ্চলৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবেন দাস আৰু টাউন পৰিদৰ্শক ধ্যানজ্যোতি তামুলীৰ নেতৃত্বত চলোৱা বিশেষ অভিযানৰ জৰিয়তে অপহৃত শিশুটিক উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা AS-21-ER-7688 নম্বৰৰ এখন টমটমো জব্দ কৰি মৰিগাঁও সদৰ থানালৈ লৈ আহিছে।

ঘটনাটোৰ অধিক তথ্য উদ্ধাৰৰ লগতে অপহৰণ কাণ্ডৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Category