গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ সতৰ্কবাণী জাৰি।ভূমিস্খলনপ্ৰৱণ অঞ্চলৰ বাসিন্দাসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে।সামাজিক মাধ্যমযোগে জাৰি কৰিছে সতৰ্কবাণী।
পূৰ্বে চিনাক্ত কৰি উলিওৱা ভূমিস্খলন প্ৰৱণ অঞ্চল সমূহৰ বাসিন্দাসকলক সতৰ্ক হোৱাৰ আহ্বান।বিভাগীয় তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত মুঠ ৩৬৬টা স্থান বৰ্তমান ভূমিস্খলনপ্ৰৱণ হিচাপে পূৰ্বেই চিনাক্ত কৰা হৈছে। আজিৰ দিনটোত বিভাগটোৱে বিশেষভাৱে নৰকাসুৰ পাহাৰক অন্যতম সম্ভাব্য স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি তাৰ বাসিন্দাসকলক সজাগ হ’বলৈ আহ্বান জনাইছে।
দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা স্থানসমূহ হ’ল - ফটাশিলৰ ৫টা স্থান, গৰভাংগাৰ ৯টা স্থান, গোটানগৰৰ ৬টা স্থান, হেঙেৰাবাৰীৰ ৩০টা স্থান, জালুকবাৰী-লংকেশ্বৰৰ ২টা স্থান, কাহিলিপাৰাৰ ২৫টা স্থান, কালাপাহাৰৰ ৭টা স্থান, কামাখ্যা-নীলাচলৰ ৫টা স্থান, খানাপাৰাৰ ৩৩টা স্থান, খাৰঘূলিৰ ৩৭টা স্থান, কইনাধৰাৰ ৫টা স্থান, মালিগাঁৱৰ ৮টা স্থান, নবগ্ৰহৰ ৬টা স্থান, নৰকাসুৰৰ ১৪টা স্থান, নাৰেংগীৰ ৩১টা স্থান, নুনমাটিৰ ৪০টা স্থান, শান্তিপুৰৰ ২০টা স্থান, শৰণীয়াৰ ৫টা স্থান, শুক্ৰেশ্বৰৰ এটা স্থান আৰু চূণচালিৰ ৭৭টা স্থান।
- Log in to post comments