টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহত্যা

Sanchita Ugale

টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰীৰ আত্মহত্যা। জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ অভিনেত্ৰী সঞ্চিতা উগলেৰ মৃত্যু

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, আজি পুৱা মৃত্যু হয় ৩০ বছৰীয়া সঞ্চিতা উগলেৰ। 

সঞ্চিতা উগলে ভাৰতীয় টেলিভিছন উদ্যোগত সৰু সৰু চৰিত্ৰত অভিনয় কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু লাহে লাহে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল। Zee TV-ৰ জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ত ‘দিয়া’ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। 

ইয়াৰ উপৰিও তেওঁ ‘ৱাগলে কি দুনিয়া’ ধাৰাবাহিকত ৰুচিতা জেটলীৰ চৰিত্ৰত অভিনয় কৰিছিল। পাছত Dangal TV-ৰ ‘দিলৱালী দুলহা লে জায়েগী’ ধাৰাবাহিকত মুখ্য চৰিত্ৰ ‘সুকুন’ ৰূপে অভিনয়ৰ সুযোগ লাভ কৰে, যাৰ ফলত তেওঁৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পায়।

টেলিভিছনৰ উপৰিও সঞ্চিতাই চলচ্চিত্ৰ আৰু ডিজিটেল প্ৰজেক্টতো কাম কৰিছিল। তেওঁ ‘Chhaava’ চলচ্চিত্ৰত যুৱা তাৰা ৰাণীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও ‘Silence 2: The Night Owl Bar Shootout’তো অভিনয় কৰিছিল।

মাত্ৰ ৩০ বছৰ বয়সতে সঞ্চিতা উগলেই টেলিভিছন আৰু চলচ্চিত্ৰ জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। 

Category