ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে আজি প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
ধুবুৰীত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক ধুবুৰী গুৰুদ্বাৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহেবজীত উপস্থিত হয়
ধুবুৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় ,ৰাজ্যৰ আন জিলাসমূহৰ তুলনাত ধুবুৰী জিলাখন বহু ক্ষেত্ৰত পিছপৰি আছে। গতিকে অসমৰ অন্যান্য অগ্ৰগতিশীল জিলাসমূহৰ দৰেই ধুবুৰী জিলাখনকো সমান প্ৰগতিৰ পথত আগুৱাই লৈ যাব লাগিব আৰু ইয়াৰ বাবে চৰকাৰ দায়বদ্ধ।
লগতে তেওঁ উল্লেখ কৰে যে- "ধুবুৰীৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি মই ইয়ালৈ আহিছোঁ। জিলাখনৰ স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সৈতে মই বহুখিনি আলোচনা কৰিম"
- Log in to post comments